নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁও শিলাগ্ৰেণ্টত অভিলাষী শ্মশানৰ শুভাৰম্ভ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

61

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ আমিনগাঁও শিলাগ্ৰেণ্টত আজি এক অভিলাষী শ্মশানৰ শুভাৰম্ভ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ব্ৰহ্মপুত্ৰৰ মাজৰ এক মনোৰম নৈসৰ্গিক পৰিৱেশত নিৰ্মাণ কৰা হৈছে এই শ্মশানখন । আয়তীৰ উৰুলি, বড়ো নৃত্য গীত আৰু অগণন লোকৰ উৎসাহ-উদ্দীপনাৰ মাজতে মুকলি কৰা হয় শ্মশানখন ।

আই আই টি গুৱাহাটীৰ অৰ্থ সাহাৰ্যত নিৰ্মাণ কৰা এই শ্মশানখনৰ ব্যয় হৈছে প্ৰায় ১ কোটি ৩০ লাখ টকা । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি নিজকে পবিত্ৰ অনুভৱ কৰা বুলি উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এইখন শ্মশানে আমিনগাঁও-উত্তৰ গুৱাহাটীৰ কেইবাশ লোককে উপকৃত কৰিব বুলি আশা কৰা হৈছে ।

You might also like