নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি উৰুকা কাইলৈ ভোগৰ ভোগালী

লুইতৰ দুয়োপাৰে পাৰভগা উছাহ

74

নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ ভোগৰ সম্ভাৰ লৈ অসমীয়াৰ পদূলিত ভোগালী। মঙলবাৰে উৰুকা বুধবাৰে ভোগালী বিহু। পুহ-মাঘৰ সংক্ৰান্তিত অসমীয়াই উদযাপন কৰিব হেপাঁহৰ মাঘৰ বিহু। কৃষিভিত্তিক এই উৎসৱ লৈ উছাহৰ অন্ত নাই অসমীয়াৰ। সোণোৱালী পথাৰৰ শইচ আনি চোতালৰ ভঁৰালত থৈ কৃষিজীৱি ৰাইজে আনন্দেৰে আয়োজন কৰে এই ভোগালী বিহু। উদং পথাৰত ভেলাঘৰত উৰুকাৰ নিশা অসমীয়াই এঁসাজ লগে-ভাগে খোৱা ভোজভাতেৰে দাঙি ধৰে সম্প্ৰীতিৰ অপূর্ব নিদর্শন৷ কাইলৈ উৰুকাৰ নিশা প্রতিজন অসমীয়াই ধনী–দুখীয়া, উচ্চ–নীচৰ ভেদাভেদ পাহৰি যেন একতাৰ ডোলেৰে বান্ধি লয় সমগ্র জাতিটোক৷ বিহুৰ দিনা পুৱা পথাৰৰ মেজিৰ জুইৰ উত্তাপেৰে সজীৱ হয় জাতীয় জীৱন, মেজিৰ জুইৰ আলোকে পোহৰাই তোলে জাতীয় জীৱনৰ পথ৷ আজি অসমীয়া জাতি এক জটিল সন্ধিক্ষণৰ মাজেৰে অগ্রসৰ হৈছে৷ এই সন্ধিক্ষণৰ সময়ত এইবাৰ ভোগালী বিহু গণজীৱনৰ সাহ হৈ আহিছে৷ নানা প্রতিকূলতাৰ মাজতো আকৌ এবাৰ অসমীয়া সাজু হৈছে বাপতিসাহোন ভোগালীক আদৰিবলৈ৷ চিৰি লুইতৰ দুয়োপাৰত এতিয়া ভোগালীক আদৰাৰ প্রস্তুতি৷ পথাৰে পথাৰে গাঁৱৰ ডেকাই সাজি উলিয়াইছে মেজি, ভেলাঘৰ আদি৷ ৰাজ্যৰ ভিন্ন প্রান্তত উৎসাহী ডেকাই সাজিছে বিভিন্ন আকৃতিৰ ভেলাঘৰ৷ অসমৰ বর্ণিল সংস্কৃতিক প্রতিফলিত কৰি জাতিৰ সংকল্প শিখাস্বৰূপ মেজিও সাজি উলিয়াইছে উজনি–নামনি, মধ্য অসম সকলো প্রান্ততে৷ এইবাৰ মেজিৰ জুইৰ তপ্ত শিখাত অসমীয়াই সংকল্প ল’ব অস্তিত্ব ৰক্ষাৰ৷ ইফালে উৰুকাৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্রতিবাদৰ পাছত এতিয়া অসমীয়া ৰাইজে ভোগালীক আদৰিবলৈ সাজু হৈ উঠিছে৷ গাঁৱৰ আখল জীয়ৰী–বোৱাৰীৰ লাড়ু–পিঠা বনোৱাৰ পূর্ণ প্রস্তুতিৰে উখল–মাখল৷ উৰুকাৰ নিশাৰ সাঁজৰ বাবে মাছ–মঙহ গোটোৱাত ব্যস্ত পুৰুষসকল৷ ৰাজ্যৰ বিভিন্ন স্থানত ৰাজহুৱা বিল–খাল, নদী আদিতো একেলগে উৰুকাৰ পুৱা মাছ ধৰাৰ প্রস্তুতি চলিছে৷ বিভিন্ন স্থানত, বিভিন্ন গাঁও, চহৰত ভোগালী বিহু উদ্যাপনৰ আয়োজন কৰিছে স্থানীয় উদ্যোক্তাসকলে৷ বিভিন্ন খেল–ধেমালি প্রতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰিছে বিভিন্ন স্থানত৷ এনেদৰে যেন জাতিৰ সন্ধিক্ষণতো জাতীয় উৎসৱ ভোগালী বিহু উদ্যাপনৰ বাবে সমগ্র অসমবাসী প্রস্তুত হৈ উঠিছে৷ ইফালে ভোগালী বিহু উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ একেদৰে ভোগালী বিহুৰ শুভেচ্ছা জনাই অসমবাসীলৈ প্রেৰণ কৰা বার্তাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এই বিহুৰ জৰিয়তে অসমৰ বিভিন্ন শ্রেণীৰ জনসাধাৰণৰ মাজত থকা সাতামপুৰুষীয়া একতাৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ উপৰি ৰাজ্যখনৰ সর্বাংগীণ উন্নয়নৰ বাবে সকলোকে অহোপুৰুষার্থ কৰাৰ বাবে প্রেৰণ যোগাব৷ ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই কয় যে মাঘ বিহুৰ মেজিৰ জুয়ে আমাৰ সমাজৰ পৰা অশান্তি, অসূয়া দূৰ কৰি এখন ঐক্যবদ্ধ অসম গঢ়ি নতুন দিগন্তৰ সূচনা কৰিব৷ ভোগালী বিহু উপলক্ষে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, প্রচাৰ সচিব প্রণৱ শইকীয়া, অগপৰ সভাপতি অতুল বৰা, সম্পাদক মনোজ শইকীয়া, বিৰোধী দলপতি দেৱব্রত শইকীয়া, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আদিয়ে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like