নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ ফেব্রুৱাৰী, মাঘ মাহৰ ১৯ তাৰিখ

120

মেষঃ প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ৷ মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব৷ ঘৰুৱাত মধ্যম৷ সন্তানৰ চিন্তাৰ উন্নতি৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
বৃষঃ আর্থিক উন্নতিৰ বাবে চেষ্টা কৰি চালে হয়তো আশান্বিত হ’ব৷ প্রাপ্য প্রমোচন আদিৰো কাৰক৷ ৰাহু মঙলৰ বাবে অকাৰণত খং আৰু ফুৰাচকাত বিশেষভাৱে সাৱধান থকাটো ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
মিথুনঃ নতুন যোগাযোগ আদিত খুব বেছি চেষ্টা নকৰি গতানুগতিকতা ৰক্ষা কৰি চলক৷ বিদ্যাত সিমান নিৰাশ নহয়৷ শৰীৰ সম্পর্কে কিছু চিন্তা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
কর্কটঃ মিশ্রিত ফল৷ যিমান ভবা যায় সিমান উপকৃত হ’ব নোৱাৰিব, দিনটোত যিখিনি কৰে দায়িত্বপূর্ণ ব্যক্তি হিচাপে সাৱধান হওক৷ শৰীৰ মজলীয়া৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷
সিংহঃ মহিলাসকলে কোনো আকাংক্ষিত কাৰণত অগ্রগতি লভিব৷ শৰীৰ খুব বেয়া নহ’ব৷ যিখিনি যত্ন কৰিব তাৰ ফলত খুব নিৰাশাও নহ’ব৷ ভ্রমণত সুখ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
কন্যাঃ আকস্মিক সংযোগ লাভ হ’লেও বৰ উন্নতি বা উৎসাহ নাপাব৷ শৰীৰত ইটো সিটোৰ লগত ঘৰুৱা কথাতো অনুকূল নহ’ব৷ বন্ধুৰ পৰা উপকাৰ৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
তুলাঃ কর্মবিষয়ক প্রগতিত কষ্টৰ মাজেৰেও অনুকূলতা লাভ৷ বন্ধুবর্গৰ সহায় থাকিব৷ কোনো লোকৰ মিঠা কথাৰ প্রতি তীক্ষ্ণ নজৰ ৰাখক৷ দাম্পত্যত চিন্তা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
বৃশ্চিকঃ অন্যান্য দিশৰ লগতে ব্যক্তিগত কোনো উদ্দেশ্যত অগ্রগতি লভিব৷ বহু আকাংক্ষিত দিশত কিবা হ’লেও অকণ আস্থা দেখিব৷ শৰীৰ মধ্যম৷ দাম্পত্যত শুভ৷
ধনুঃ গাৰ বলেৰে কাম সমাধা কৰিব পাৰিলেও তাৰ ফল অনুকূল নহ’ব বাবে তেনে চেষ্টা বর্জন কৰক৷ শৰীৰ খুব উন্নত নহ’ব৷ সৰু কথাতে বিতুষ্ট হৈ পৰিব পাৰে৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মকৰঃ বিদ্যার্থীৰ আজি কিছু চিন্তা থাকিব৷ কিবা ক্লেশদায়ক কাৰণত গৃহ কত্রীসকলে সমস্যাত পৰিব৷ পৰাপক্ষত ভ্রমণ স্থগিত ৰাখক৷ দাম্পত্যত মজলীয়া ফল৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷
কুম্ভঃ নিৰুৎসাহৰ দিন নহ’ব৷ যোগাযোগ, ঘৰুৱা–সন্মানীয় কর্মত অনুকূল৷ কিন্তু তাৰ মাজতে গোপন শত্রুৰ বাবে শংকিত হ’ব পাৰে৷ পঢ়াত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
মীনঃ চিন্তা কৰি চলক দিনটোত৷ বেছি উৎসাহতে যাতে একো ভুল নকৰে সতর্ক থাকক৷ আগতে নভবা কথা লৈ কিবা প্রস্তুতিৰ দৰকাৰ৷ শৰীৰ মধ্যম৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like