নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ জোৱানৰ মহানুভৱতা; পুৰষ্কৃত কৰিলে সঞ্চালক প্ৰধানে

164

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা একাংশ পৰীক্ষাৰ্থীক একোটাকৈ কলম উপহাৰ দি চৰ্চালৈ অহা আৰক্ষী জোৱান ৰাতুল গগৈৰ মহৎ প্ৰয়াসক স্বীকৃতি প্ৰদান কৰিছে অসম আৰক্ষীয়ে ।

তেওঁৰ এই মহান কামক উচ্চ প্ৰশংসা কৰি ১০ হাজাৰ টকাৰ পুৰষ্কাৰ আগবঢ়াইছে অসম আৰক্ষীয়ে ।

ইপিনে ‘আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান যিমানেই কম হ’ব, সিমানেই এখন শৃংখলাবদ্ধ সুস্থিৰ সমাজ গঢ়াৰ পথ প্ৰশস্ত হ’ব’ বুলি মন্তব্য কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাতুল গগৈৰ এই প্ৰয়াসক প্ৰশংসা কৰি তেওঁৰ কামে অসম আৰক্ষীক গৌৰৱান্বিত কৰিছে বুলি মন্তব্য কৰে ।

ইপিনে শুকুৰবাৰে শিৱসাগৰ জিলা আৰক্ষীয়েও ৰাতুল গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে ।

উল্লেখ্য যে ১ নং অসম আৰক্ষী বেটেলিয়ন জোৱান ৰাতুল গগৈ বৰ্তমান নিতাইপুখুৰীত কৰ্মৰত ।

You might also like