নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ সাম্প্রতিক পৰিস্থিতিক লৈ দিল্লীত গুৰুত্বপূর্ণ আলোচনা

187

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ অসমত নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনক লৈ পৰিস্থিতি জটিল হৈ থকাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত, গড়কাপ্টানী মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা৷

বৃহস্পতিবাৰে সন্ধিয়া ৮.৪৫ বজাত কেন্দ্রীয় গৃহমন্ত্রীজনৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সম্পর্কত আলোচনা হয় বুলি প্রকাশ৷ প্রায় এঘণ্টা ১৫ মিনিটজোৰা এই বৈঠকৰ অন্তত নিশা ১০ বজাত অমিত শ্বাহৰ বাসগৃহৰ পৰা ওলাই অহা মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীয়ে বৈঠক সম্পর্কত মন্তব্য প্রকাশৰ পৰা বিৰত থাকে৷

উল্লেখ্য যে শুকুৰবাৰৰ পৰা ৰাজ্যখনত অনুষ্ঠিত হ’ব খেলো ইণ্ডিয়া শীর্ষক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহ৷ এই ক্রীড়া সমাৰোহৰ সময়ছোৱাত ৰাজ্যৰ আইন–শৃংখলাজনিত পৰিস্থিতি যাতে কোনো কাৰণতে বিঘ্নিত নহয়, সেই বিষয়টোৱেও আলোচনাত স্থান পায় বুলি বিশেষ সূত্রত প্রকাশ৷

আনহাতে, অহা ১৩ জানুৱাৰীত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ অধিৱেশন৷ বিধানসভাৰ এই অধিৱেশনত বিৰোধী দলসমূহে নাগৰিকত্ব সংশোধনী আইন সম্পর্কীয় বিষয়টো উত্থাপনৰ চেষ্টা চলাব বুলি অনুমান কৰি এইক্ষেত্রত ৰাজ্য চৰকাৰৰ স্থিতি কি হ’ব, সেই বিষয়েও এই বৈঠকত আলোচনা কৰা হয় বুলি অনুমান কৰা হৈছে৷

এই বৈঠকতে ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইনক লৈ বিশেষ কিছু ঘোষণা কৰিব বুলিও আলোচনাৰ অন্তত ঠাৱৰ কৰা হৈছে৷ আগন্তুক সময়ছোৱাত এই বৈঠক ৰাজ্যখনৰ বাবে অতিকে গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷

You might also like