নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ উন্নয়নৰ বাহিৰে আমি আন কথা ভাবিব নোৱাৰোঁঃ মুখ্যমন্ত্ৰী

57

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন অসমীয়াৰ । অসমীয়াৰ চৰকাৰ হিচাপে অসমৰহৈ দৃঢ়তাৰে কাম কৰি আহিছে । অসমৰ উন্নয়ন আৰু ৰাজ্যখনৰ সুৰক্ষাৰ বাহিৰে এইখন চৰকাৰে বেলেগ কোনো কথা ভাবিব নোৱাৰে । চৰকাৰখনৰ চৰিত্ৰ সম্পৰ্কত সন্দেহ কৰিব নালাগে । ৰাইজক অন্ধকাৰত ৰাখি চৰকাৰে কোনো কাম কৰা নাই আৰু ভৱিষ্যতেও নকৰে৷ প্রতিটো কামেই ৰাইজৰ লগত আলাপ–আলোচনা কৰিহে চৰকাৰখনে কাম কৰি যাব৷ এয়াই ৰাজ্য চৰকাৰৰ নীতি ৷’ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ৷ খিলঞ্জীয়াৰ ভূমিপট্টা আৰু আবণ্টন–পত্রৰ লগতে অন্যান্য অনুদান বিতৰণ উপলক্ষে দৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত সভাত মুখ্য অতিথিৰ আসনৰ পৰা ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কেতবোৰ গুৰুত্বপূর্ণ ভাষ্য দাঙি ধৰে ৷

তেওঁ কয় যে গ্রামাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকৰ অসমীয়া ভাবনা শক্তিৰে আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ প্রত্যেক ব্যক্তিৰ জীৱন সুন্দৰ কৰি তোলাৰ হকে ৰাজ্য চৰকাৰে কাম কৰি আহিছে ৷ যি মাটিৰ ওপৰত খিলঞ্জীয়াই দশক দশক ধৰি বসবাস কৰি আহিছে, সেই মাটিত খিলঞ্জীয়াৰ অধিকাৰ থাকিব লাগিব ৷ এই কথা প্রতিজন খিলঞ্জীয়া ভূমিপুত্রই বিচাৰে৷ স্বাধীনতাৰ ৭২ বছৰ পিছতো বহু খিলঞ্জীয়াই ৰাজ্যত ভূমিৰ অধিকাৰ লাভ নকৰিলে ৷ জনসাধাৰণে ন্যায্যপ্রাপ্তিৰ অধিকাৰৰ বাবেই সংগ্রাম কৰিছিল যদিও ন্যায় পোৱা নাছিল ৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ গঠন কৰাৰ সময়ত জনসাধাৰণে বিশেষভাৱে আহ্বান জনাইছিল যে মাটিৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে চৰকাৰখনে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিব লাগে ৷ ৰাইজৰ এই আহ্বানৰ প্রতি যথার্থ গুৰুত্ব প্রদান কৰি ৰাজ্য চৰকাৰে খিলঞ্জীয়া ভূমিপুত্রসকলক মাটিৰ অধিকাৰ প্রদানৰ বাবে পদক্ষেপ গ্রহণ কৰে ৷ বিভিন্ন শ্রেণীৰ জনসাধাৰণৰ লগত আলোচনা কৰি এই বছৰৰ ভিতৰতে ১ লাখ খিলঞ্জীয়াক মাটিৰ পট্টা প্রদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জাতীয় দায়িত্ব পালনত আত্মনিয়োগ কৰা বুলি তেওঁ দাবী কৰে ৷ পূর্বতে ১২ হাজাৰ মাটিৰ পট্টা বিতৰণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে আজি ৰাজ্যখনৰ বিভিন্ন জিলাত ৩৪ হাজাৰ লোকৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হ’ব ৷ এয়া ৰাইজৰ সহযোগিতাৰ বাবেই সম্ভৱ হৈছে ৷ ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা অসমৰ আর্থ–সামাজিক উত্তৰণ আৰু ভাষা–সংস্কৃতি সুৰক্ষাৰ দিশত বিশেষভাৱে প্রাধান্য দি আহিছে ৷ আমি সকলোৱে অসমীয়া সন্তান হিচাপে অসমৰ বুকুত অসমীয়াৰ প্রভুত্ব শক্তিশালী ৰূপত গঢ় দিব লাগিব৷ এই দৃষ্টিভংগী সন্মুখত ৰাখিয়েই ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে ৷ সেইবাবে অসমৰ ৰাইজে নিজৰ মাটি, ভেটি, কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্যৰ ক্ষেত্রত এইখন চৰকাৰ থকা অৱস্থাত নূ্যনতম চিন্তিত আৰু শংকিত হ’ব নালাগে ৷ চৰকাৰখনে প্রথম আৰু প্রধান দায়িত্ব হিচাপে এইখিনি কাম নিষ্ঠাৰে কৰাৰ সংকল্প লৈছে আৰু প্রতিজ্ঞাবদ্ধ হৈছে ৷ অসমীয়া ভাষা কোনোকালতে অসমত দুর্বল নহয় আৰু সকলো সময়তে যাতে সন্মানীয় ভাষা হিচাপে জীয়াই থাকে, তাৰ বাবে ৰাজ্য চৰকাৰে ভাষা গৌৰৱ আঁচনিৰ দৰে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমীয়া ভাষাৰ লগতে অসমৰ বুকুত থকা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰো ভাষা যাতে জীয়াই থাকে আৰু প্রতিটো ভাষাৰ সুষম বিকাশ নিশ্চিত হয়, তাৰ বাবেও ৰাজ্য চৰকাৰে দৃষ্টান্তমূলক পদক্ষেপ গ্রহণ কৰিছে ৷ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক উন্নয়নৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে ৷ অকল ভাৰতৰ বুকুতেই নহয়, বিশ্বৰ বুকুত অসমৰ শক্তিশালী স্থিতি এটি গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰখনে নিৰন্তৰ প্রয়াস চলাই গৈছে ৷

মুখ্যমন্ত্রী সোণোৱালৰ মতে, মাজুলীৰ জৈৱ–বৈচিত্র্য অতি শক্তিশালী ৷ বিশ্বৰ ভিন্ন প্রান্তৰ পৰা মাজুলীলৈ পর্যটক আহে, সেইবাবে মাজুলীৰ প্রাকৃতিক ৰূপ অক্ষুণ্ণ ৰখাৰ বাবে সকলোৱে দায়িত্বসহকাৰে কর্তব্য পালন কৰিব লাগিব৷ মাজুলীক প্রতিনিধিত্ব কৰি গৌৰৱান্বিত বুলি উল্লেখ কৰি তেওঁ কয় যে আধ্যাত্মিক শক্তিৰ জৰিয়তেহে শান্তি আহৰণ কৰিব পৰা যায় ৷ এই জীৱনত আধ্যাত্মিক চেতনাইহে মানুহক আনন্দ দিব পাৰে৷ মাজুলীৰ মাটিত বহু শক্তি আছে৷ ইয়াৰ পৰা শান্তি আৰু সমন্বয়ৰ বার্তা প্রেৰণ কৰিব লাগিব ৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী সোণোৱালৰ এক গুৰুত্বপূর্ণ মন্তব্য– যুক্তিৰ আধাৰত আন্দোলন পৰিচালিত নহ’লে সমাজখনত বিৰূপ প্রভাৱ পৰে৷ আৱেগ–নুভূতি মানুহৰ থাকে আৰু সেইবাবেই বিষয়সমূহ যুক্তিৰে বিবেচনা কৰিব লাগে৷ নতুন প্রজন্মক যুক্তিৰে পৰিচালিত কৰিবলৈ জ্যেষ্ঠসকলেও দায়িত্ব ল’ব লাগিব৷ ছাত্র–ছাত্রীসকলক ভাল মানুহ হিচাপে গঢ় দি জীৱনৰ বাটত দৃঢ়তাৰে আগুৱাই গৈ সফলতাৰ শীর্ষলৈ নিব লাগিলে সমাজৰ প্রত্যেক ব্যক্তিয়ে দায়িত্বসহকাৰে সহযোগ কৰিব লাগিব৷ অধ্যয়নত মগ্ন হৈ থকা ছাত্র–ছাত্রীসকলক তেওঁলোকৰ লক্ষ্যপ্রাপ্তিৰ বাবে পৰিৱেশ নির্মাণ কৰিব লাগিব ৷ এই প্রতিযোগিতাৰ বিশ্বত শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব লাগিলে উঠি অহা প্রজন্মক তেনে মানসিকতাৰে আগুৱাই নিব লাগিব বুলি উল্লেখ কৰি ঘৰত বিশেষ তত্ত্বাৱধান লোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ দীর্ঘদিনীয়া বড়ো সমস্যাৰ সমাধানে ৰাজ্যখনত শান্তিৰ প্রক্রিয়া দ্রুততৰ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রয়াসৰ ফলতে এয়া সম্ভৱ হৈ উঠিছে ৷ এই চুক্তিয়ে অসমৰ ভৌগোলিক মানচিত্রখন সলনি নকৰে৷ চুক্তিখন অসমৰ সমাজ জীৱনৰ বাবে এক শুভ বতৰা৷ বড়ো জনগোষ্ঠীৰ লগতে অসমৰ প্রতিটো জনগোষ্ঠীয়ে একেলগে আগুৱাই যোৱাৰ বাবে সুযোগ প্রদান কৰিব আৰু নতুন প্রজন্মৰ বাবে ইতিবাচক দিশ কঢ়িয়াই আনিব৷ ৰাজ্য চৰকাৰখনে উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে দিনে–নিশাই কাম কৰি আহিছে৷ খিলঞ্জীয়া ভূমিপুত্রৰ বাবে কংগ্রেছে কোনোদিনে কাম নকৰিলে৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্রদান, ৫গৰাকী ব্যক্তিলৈ পদ্মশ্রী, খেতিয়কৰ উৎপাদন দুগুণ কৰা, শিক্ষাখণ্ডত লোৱা আঁচনিৰ বিষয়েও ভাষণ প্রসংগত তেওঁ উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানত ৪,৫১৩টা ভূমিহীন পৰিয়াললৈ ভূমিপট্টা আৰু ভূমি আবণ্টন পত্র, ১৭৬ বান ক্ষতিগ্রস্ত পৰিয়ালক ৩,৮০০ টকাকৈ অনুদান, ১৮৭খন বিদ্যালয়ক চতুর্দশ বিত্তীয় আয়োগ পুঁজিৰ অনুমোদন–পত্র প্রদান কৰে৷ অনুষ্ঠানত দক্ষিণপাট সত্রলৈ ভূমি পট্টা প্রদান কৰা হয়৷ মুখ্যমন্ত্রী সোণোৱালৰ হাতৰ পৰা সত্রাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে ভূমিপট্টা গ্রহণ কৰে৷ অনুষ্ঠানত সাংসদ প্রদান বৰুৱা, ৰাজহ বিভাগৰ সচিব অশোক বর্মন, উপায়ুক্ত বিক্রম কৈৰী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য মাধৱ দেউৰী, মাজুলী জিলা পৰিষদৰ সভানেত্রী পাপু হাজৰিকা দত্ত, সত্রাধিকাৰ নাৰায়ণ চন্দ্র দেৱগোস্বামী, জনার্দন দেৱগোস্বামী, ননীগোপাল দেৱগোস্বামী, দত্ত দেৱগোস্বামী, শৰৎ চন্দ্র দেৱগোস্বামী, পৰমানন্দ দেৱগোস্বামী প্রমুখ্যে কেইবাগৰাকীও সত্রাধিকাৰ উপস্থিত থাকে৷ উল্লেখ্য যে মাজুলীৰ এই অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্রী সোণোৱালে ৰাজ্য চৰকাৰৰ নতুন ভূমি নীতিৰ অধীনত খিলঞ্জীয়া ভূমিহীনক ভূমি আবণ্টন প্রক্রিয়াৰ শুভাৰম্ভ কৰে৷ ইফালে মুখ্যমন্ত্রী সোণোৱালে গড়মূৰৰ মাধৱদেৱ কৃষ্টি কেন্দ্রত অনুষ্ঠিত এখন দলীয় কর্মীসভাত অংশ লোৱাৰ উপৰি সন্ধিয়া আউনীআটী সত্রৰ অসম ভাওনা সমাৰোহতো উপস্থিত থাকে ৷

You might also like