নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমবিৰোধী শ্বার্জিল ইমামক জিম্মাত ল’লে অসম আৰক্ষীয়ে

43

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰি ৰাষ্ট্ৰদ্ৰোহ গোচৰত অভিযুক্ত চাৰ্জিল ইমামক অসমলৈ অনাৰ পথ প্ৰশস্ত হ’ল । শেহতীয়াকৈ দিল্লীত বাহৰ পাতি থকা অসম আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে এইক্ষেত্রত দিল্লীৰ পাতিয়ালা আদালতৰ পৰা অনুমতি লাভ কৰিছে৷

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্রজনক অসমলৈ নিয়াৰ বাবে আদালতে  অসম আৰক্ষীক এন অ’ চি (অনাপত্তি পত্র) প্রদান কৰে৷ গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত উপ–আয়ুক্ত নৱনীত মহন্তই কালি সাংবাদিকৰ আগত এই কথা প্রকাশ কৰি কয় যে দুই–এদিনৰ ভিতৰত ইমামক গুৱাহাটীলৈ লৈ যোৱা হ’ব৷

উল্লেখ্য যে ইমামক অসমলৈ নিয়াৰ বাবে মহন্তৰ নেতৃত্বত অসম আৰক্ষীৰ দলটোৱে যোৱা প্রায় এপষেক ধৰি দিল্লীত বাহৰ পাতি আছে যদিও তদন্তৰ স্বার্থত দিল্লী আৰক্ষীয়ে ইমামক অসমলৈ নিয়াৰ ক্ষেত্রত বাধা প্রদান কৰি আহিছে৷ পাতিয়ালা আদালতৰ এন অ’ চিৰ পাছত এতিয়া যিকোনো মুহূর্তত ইমামক অসমলৈ নিয়াৰ ক্ষেত্রত কোনো সমস্যা নাই বুলিহে মহন্তই জানিবলৈ দিয়ে৷ উল্লেখ্য যে যোৱা ২৮ জানুৱাৰীত দিল্লী আৰক্ষীৰ এটা দলে বিহাৰৰ জাহানাবাদত অভিযান চলাই ইমামক গ্রেপ্তাৰ কৰিছিল৷

You might also like