নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্ষয়–জয়–কেটৰিনাৰ সৈতে অভিনয়েৰে উজলিছে জোন দিহিঙীয়া

২৪ মার্চত মুক্তি লাভ কৰিব ৰোহিত চেট্টীৰ ‘সূর্যবংশম’–এ

71

নিয়মীয়া বার্তা, ১৪ মার্চঃ বলীউডত উজলিছে ডিমৌৰ সমীপৰ ধেমেচী কলালোৰ কোচ গাঁৱৰ এজন যুৱক ৷ নাম জোন দিহিঙীয়া৷ কলালোৰ কোচগাঁও নিৱাসী খগেন দিহিঙীয়া আৰু মাতৃ তুলিকা দিহিঙীয়াৰ পুত্র জোন দিহিঙীয়াই কর্মসংস্থাপন বিচাৰি ২০০২ চনত বহিঃৰাজ্যলৈ ঢাপলি মেলিছিল ৷ মুম্বাইত ছিকিউৰিটী গার্ড ৰূপে যোগদান কৰা ৰাজে মায়ানগৰী মুম্বাইত বলীউডৰ চিনেমা তাৰকাসকলক দেখি নিজেও বলীউডত প্রৱেশ কৰাৰ সপোন দেখিছিল ৷ ৰাজে তেওঁ আজৰি সময়ছোৱাত শৰীৰ চর্চা আৰম্ভ কৰি নিজৰ দেহটো আকর্ষণীয় কৰি তুলিবলৈ সক্ষম হৈছিল ৷ ২০১২ চনত বলীউডত হৃত্বিক ৰোছনৰ লগত জনপ্রিয় বোলছবি মহেঞ্জোদাৰোত প্রথম সহ অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰে ৰাজে ৷ পিছলৈ বলীউডৰ দহখন চিনেমাত অজয় দেৱগণ, অক্ষয় কুমাৰ, চলমান খান, আমিৰ খান, কেটৰিনা কাইফকে ধৰি বহু বলীউডৰ বহু তাৰকাৰ লগত বিভিন্ন চৰিত্রত অভিনয় কৰাৰ লগতে সৰু পর্দাৰ কেইবাখনো জনপ্রিয় ধাৰাবাহিকত অভিনয় কৰি নিজকে প্রতিষ্ঠা কৰাবলৈ সক্ষম হৈছে ৷ ২৪ মার্চত মুক্তি লাভ কৰিবলগীয়া ৰোহিৰ চেট্টীৰ দ্বাৰা পৰিচালিত অক্ষয় কুমাৰ, জেকী শ্রফ, অজয় দেৱগণ আৰু কেটৰিনা কাইফ অভিনীত ‘সূর্যবঞ্চম’ত এগৰাকী পুলিচ অফিচাৰৰ চৰিত্রত অভিনয় কৰিছে ৰাজে ৷ সূর্যবঞ্চম চাবলৈ সকলোকে আহ্বান জনাইছে ৷ পুত্র ৰাজৰ এনে কৃতিত্ব দেখি উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে গাঁওবাসী ৷

You might also like