নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূর্যবংশী লক্ষ্মী বম্ব পৃথ্বিৰাজ

73

বলীউডত ‘খিলাড়ী’ হিচাপে খ্যাত অক্ষয় কুমাৰে দর্শকক ২০১৯ বর্ষটোত চাৰিখনকৈ ছবি উপহাৰ দিয়ে৷ সেইকেইখন হ’ল– কেশৰী, মিছন মংগল, হাউছফুল–৪ আৰু গুড নিউজ৷ ঠিক তেনেদৰে ২০২০ বর্ষতো অক্ষয় কুমাৰৰ আহিবলগীয়া ছবিকেইখনৰ বিষয়ে সংক্ষিপ্তভাৱে আগবঢ়োৱা হ’ল–
সূর্যবংশীঃ ৰোহিত ছেট্টীৰ পৰিচালনাৰে আহিবলগীয়া এখন একচনধর্মী চিনেমা হ’ল সূর্যবংশী৷ সূর্যবংশীত অক্ষয় কুমাৰৰ বিপৰীতে মুখ্য চৰিত্রত অভিনয় কৰিছে কেটৰিনা কাঈফে৷ অক্ষয় আৰু কেটৰিনাই প্রায় ৯ বছৰ বিৰতিত ৰূপালী পর্দাত একেলগে যুটি বান্ধিব৷ সূর্যবংশীত নৱপ্রজন্মৰ মাজত জনপ্রিয় অভিনেতা ৰণবীৰ সিং আৰু ৰোহিত ছেট্টীৰ প্রিয় অভিনেতা অজয় দেৱগণক কেমি’ ৰূপত দেখা পোৱা যাব৷ ছবিখন ২০২০ চনৰ ২৭ মার্চত চিত্রগৃহলৈ আহিব৷
লক্ষ্মী বম্বঃ ৰাঘৱে লৰেন্সৰ পৰিচালনাৰে আহিবলগীয়া এখন হৰৰ কমেডী চিনেমা হ’ল লক্ষ্মী বম্ব৷ লক্ষ্মী বম্বত অক্ষয় কুমাৰৰ বিপৰীতে মুখ্য চৰিত্রত অভিনয় কৰিছে কিয়াৰা আদৱানিয়ে৷ এই ছবিখন পোনপ্রথমে ঈদৰ সময়ত মুক্তি দিয়াৰ কথা আছিল যদিও পিছলৈ ইয়াৰ দিন পিছুৱাই ৫ জুন, অর্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা মুক্তিৰ দিন ধার্য কৰা হয়৷
পৃথ্বিৰাজঃ চন্দ্রপ্রকাশ দ্বিবেদীৰ পৰিচালনাৰে আহিবলগীয়া এক ঐতিহাসিক পটভূমিৰ আধাৰত নির্মিত এখন ছবি হ’ল পৃথ্বিৰাজ৷ ছবিখনৰ প্রযোজনা কৰিছে আদিত্য চোপ্রাই আৰু মুখ্য চৰিত্রত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ২০১৭ চনৰ মিছ ৱর্ল্ড সন্মান বিজয়ী মানুসী চিল্লাৰে৷ ছবিখন দীপাৱলীৰ সময়ত অর্থাৎ ২০২০ চনৰ ১৩ নৱেম্বৰত চিত্রগৃহলৈ আহিব৷

You might also like