নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত উজলিছে মার্ঘেৰিটাৰ কংগন বৰুৱা নাংগীয়া

ছ’নী টিভিৰ হিন্দী ধাৰাবাহিকৰ মুখ্য চৰিত্রত সাৱলীল অভিনয়

148

নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ ৰাজ্যখনৰ বহু প্রতিভাই নিজ অধ্যৱসায় আৰু সাধনাৰ জৰিয়তে ৰাষ্ট্রীয় পর্যায়ত সুখ্যাতি অর্জন কৰাই নহয়, নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ মার্ঘেৰিটাৰ এগৰাকী যুৱতীয়ে নিজ অভিনয় প্রতিভাৰ জৰিয়তে ছ’নী টিভিৰ হিন্দী ছিৰিয়েলত মুখ্য ভূমিকাত অভিনয় কৰাৰ সুবিধা লাভ কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে বিশেষ গৌৰৱ ৷ ছ’নী টিভিৰ ‘বেহদ –২’ ছিৰিয়েলখনৰ ‘অনন্যা’ নামৰ মূল নাৰী চৰিত্রটোত অভিনয় কৰা অভিনেত্রীগৰাকীক লৈ এতিয়া সৰৱ চর্চা । তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাৰ গৌতম বৰুৱা নাংগীয়া আৰু মণিকা বৰুৱা নাংগীয়াৰ কন্যা কংগন বৰুৱা নাংগীয়া ৷ ২৩বছৰ বয়সত ভৰি দিয়া কংগনে সৰুৰে পৰা অভিনয়ৰ সৈতে জড়িত হ’বলৈ ইচ্ছা প্রকাশ কৰিছিল বুলি পিতৃ–মাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

কংগনে বলীউডৰ অভিনেতা অনুপম খেৰৰ ওচৰত ছমাহ অভিনয়ৰ পাঠ্যক্রম গ্রহণ কৰিছিল ৷ দেৱীচৰণ বৰুৱা, জাহ্নু বৰুৱাৰ পৰিয়ালৰ সম্পর্কীয় জীয়ৰী কংগনে জীৱনৰ প্রথমটো বিজ্ঞাপনত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰিছিল ৷ ইংৰাজী নৱবর্ষত মাত্র দুটা দিনৰ বাবে ঘৰলৈ অহা কংগনে ছিৰিয়েলখনৰ এশটা খণ্ডৰ বাবে চুক্তিবদ্ধ হৈছে ৷ ইতিমধ্যে ২৭টা খণ্ডৰ শ্বুটিং আৰু ২৩টা খণ্ড সম্প্রচাৰ হৈছে ৷ অভিনয়ৰ লগতে ভাৰতীয় সংগীতো সাধনা কৰে তেওঁ ৷ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক ইংৰাজী নৱবর্ষৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে কংগনে সাম্প্রতিক অসমৰ পৰিস্থিতিত শান্তিপূর্ণ আন্দোলন কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায় ৷ মুম্বাইতো তেওঁলোকে শান্তিপূর্ণ আন্দোলনত অংশগ্রহণ কৰে বুলি জনায় ৷

অসমৰ নৱপ্রজন্মৰ মাজত প্রচুৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি কয়, একাগ্রতা, অধ্যৱসায় তথা সঠিক পথত আগবাঢ়িলে সুখ্যাতিয়ে লগ দিব বুলি অসমৰ নৱপ্রজন্মৰ প্রতি পৰামর্শ প্রদান কৰে ৷ জীৱনত আগবাঢ়িবলৈ কোনো চমু বাট নাই বুলিও উল্লেখ কৰে কংগনে ৷ তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মার্ঘেৰিটা সাংবাদিক সংস্থাৰ ভাঃ সম্পাদক তপন দে’, তথ্য আৰু প্রচাৰ সম্পাদক মানসপ্রতিম গগৈসহ কেইবাগৰাকীও সাংবাদিকৰ এটা দলে শুকুৰবাৰে কংগন বৰুৱা নাংগীয়াৰ এই সাফল্যত অভিনেত্রীগৰাকীৰ মার্ঘেৰিটা চাৰিআলিস্থিত বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে ৷

সৰুৰে পৰা প্রবল মেধাসম্পন্ন হোৱাৰ লগতে অভিনয়ৰ প্রতিও প্রবল হেঁপাহ থকা কংগনে মাধ্যমিক শিক্ষা গ্রহণ কৰে ডিগবৈৰ দিল্লী পাব্লিক স্কুলৰ পৰা ৷ পৰৱর্তী সময়ত তেজপুৰৰ আছাম ভেলী স্কুলৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হয় ৷ বিহুনৃত্য, সত্রীয়া নৃত্য, শাস্ত্রীয় সংগীত আদিত বিশেষ দখল থকা কংগনে দিল্লী বিশ্ববিদ্যালয়ৰ মাণ্ডি হাউছৰ পৰা ইতিহাসত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰি ২০১৭ চনত মুম্বাই মায়ানগৰীত ভৰি দিয়ে ৷ উল্লেখ্য যে সৰুৰে পৰা অভিনয়ৰ প্রতি প্রবল হেঁপাহ থকা কংগনে নিজৰ সপোন সার্থক কৰিবৰ বাবে আৰু অভিনয় জগতৰ লগত প্রত্যক্ষভাৱে জড়িত কৰাৰ পূর্বে মুম্বাই ছবি জগতৰ বিখ্যাত অভিনেতা অনুপম খেৰৰ দ্বাৰা পৰিচালিত অভিনয় স্কুলত শিক্ষাগ্রহণ কৰে ৷ প্রাৰম্ভিক অৱস্থাত অভিনয় জগতত প্রৱেশ কৰিয়েই কংগনে যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাত অভিনয়ৰ সকলো আশা বাদ নিজ গৃহলৈ ঘূৰি আহিছিল ৷ অৱশেষত অভিভাৱকৰ উৎসাহত পুনৰবাৰ মুম্বাইলৈ উভতি যায় ৷ আৰম্ভণিতে কংগনে মুম্বাইৰ ছবি জগতৰ ৰজাখ্যাত শ্বাহৰুখ খানৰ সৈতে বিজ্ঞাপন ছবিত অংশগ্রহণ কৰি নিজৰ প্রতিভা দাঙি ধৰিবলৈ সক্ষম হয় ৷

You might also like