নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঞ্চসম্ৰাট সুৰেন মহন্তৰ বিয়োগ, শোকস্তব্ধ সাংস্কৃতিক জগত

95

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ অসমৰ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা তথা মঞ্চ সম্ৰাট উপাধিৰে বিভূষিত সুৰেন মহন্ত আৰু নাই । বুধবাৰে নিশা ৯.৩০ বজাত তেজপুৰৰ টাইমছ হাস্পতালত চিকিৎসাধীন অৱস্থাত বিশিষ্ট অভিনেতাজনৰ পৰলোকপ্ৰাপ্তি ঘটে ।

উল্লেখ্য যে তেজপুৰ গটঙা নিৱাসী সুৰেন মহন্ত মঙলবাৰৰ নিশাৰ পৰা গুৰুত্বৰভাৱে অসুস্থ হৈ অতি সংকটজনক অৱস্থাত স্থানীয় টাইমছ হাস্পতালত ভৰ্তি হৈছিল ।

৭৩ বছৰীয়া এই বলিষ্ঠ অভিনেতাজনৰ মৃত্যুত সমগ্ৰ তেজপুৰৰ লগতে ৰাজ্যৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে ।

You might also like