নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভেলেণ্টাইন ডে’ত অভিনেতা ধৰ্মেন্দ্ৰই মুকলি কৰিব তেওঁৰ নতুন ৰেষ্টুৰেণ্ট

76

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ অহা ১৪ ফেব্ৰুৱাৰী ভেলেণ্টাইন ডেৰ দিনা কর্ণেল হাইৱেৰ সমীপত প্ৰৱীণ অভিনেতা ধর্মেন্দ্রই মুকলি কৰিব তেওঁৰ ‘হি-মেন’ নামৰ এখন ৰেষ্টুৰেণ্ট ।

উল্লেখ্য যে অভিনেতাজনে ‘ফার্ম টু ফর্ক’ নামেৰে থিম লৈ ৰেস্তোৰাখনৰ নাম ‘হি-মেন’ ৰাখিছে । লগতে এই ৰেস্তোৰাখনৰ বিশেষ আকৰ্ষণ হ’ব যে খেতিপথাৰৰ পৰা সতেজ খাদ্যসামগ্ৰীসমূহ পোনে পোনে খোৱা টেবুললৈ আহিব ।

বুধবাৰে প্রৱীণ অভিনেতাজনে টুইটাৰযোগে তেওঁৰ এই ৰেস্তোৰাখন খোলাৰ কথা ঘোষণা কৰিছে।

আনহাতে এই ৰেস্তোৰাখন কর্ণাল হাইৱেৰ সমীপৰ তেওঁৰ পূৰ্বৰ ধাবা ‘গৰম-ধৰম’ৰ কাষতে উদ্বোধন কৰা হ’ব ।

You might also like