নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগাৰ, বেটাৰ আৰু ষ্ট্ৰংগাৰ হ’বলৈ গৈ কি হ’ল সোনাক্ষীৰ ?

84

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ দীপিকাৰ পিছত এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক ট্ৰ’লৰ সন্মুখিন হৈছে অভিনেত্ৰী সোনাক্ষী সিনহা । দৰাচলতে সোনাক্ষীয়ে টুইটাৰ যোগে কেইখনমান ফটো চেয়াৰ কৰিছিল । সেই টুইটৰ এটাত তেওঁ লিখিছিল- “লোকোৱাবলৈ একো নাই, ভয় খাবলৈ প্ৰয়োজন নাই আৰু কোনেও মোক ৰখাব নোৱাৰে ।” তেওঁ লগতে টুইটৰ লগতে ফটোও আপলোড কৰিছে আৰু সেই ফটোত স্পৰ্টিঙৰ ওপৰত লিখা আছে- “লোকোৱাবলৈ একো নাই ।”

আনহাতে আৰু এটা টুইটত অভিনেত্ৰীগৰাকীয়ে দুখন ফটো আপল’ড কৰি পুনৰ লিখিছে- এতিয়া সময় “বিগাৰ, বেটাৰ আৰু ষ্ট্ৰংগাৰ হোৱাৰ ।”

পিছে এই টুইটৰ পিছতে সাংঘাতিক ট্ৰ’লৰ সন্মুখীন হৈছে সোনাক্ষী সিনহা ।

একাংশই তেওঁক উদ্দেশ্য কৰি লিখিছে যে- আপুনি এই কথাৰ দ্বাৰা কি বুজাবলৈ বিচাৰিছে ? ইফালে আন কোনোৱে আকৌ ‘কৌন বনেগা কৌৰোৰপতি’ত ৰামায়ন সম্পৰ্কে সোনাক্ষীয়ে কৰা মন্তব্যও মনত পেলাই দিছে ।

আনহাতে কোনোৱে আকৌ কিছু অশালীন মন্তব্যৰে তেওঁক ট্ৰ’ল দিবলৈ চেষ্টা কৰিছে । অৱশ্যে পিছত সোনাক্ষীয়ে পুনৰ আন এক টুইট যোগে তেওঁ নিজকে ‘আচলি’ (প্ৰকৃত) বুলি মন্তব্য কৰিছে ।

You might also like