নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপালী পৰ্দাত ক্ৰিকেটাৰ হৰভজন সিং, আহি আছে ‘ফ্ৰেণ্ডশ্বীপ’

244

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পীন ব’লাৰ হৰভজন সিঙক এইবাৰ খেলপথাৰৰ পৰিৱৰ্তে দেখিবলৈ পোৱা যাব ৰূপালী পৰ্দাত । কিয়নো ভজ্জীৰ দ্বাৰা অভিনীত ‘ফ্ৰেণ্ডশ্বীপ'(Friendship) নামৰ ছবিখন শীঘ্ৰে আপোনাৰ ওচৰৰ ছবিঘৰ সমূহত মুক্তি লাভ কৰিব ।

চলিত বৰ্ষতে মুক্তি লাভ কৰিবলগীয়া এই ছবিখন ভাৰতীয় ছবি ইতিহাসত প্ৰথম হ’ব য’ত এজন ক্ৰিকেটাৰে মুখ্য ভূমিকা পালন কৰিছে ।

এই ছবিখনৰ প্ৰযোজকে এখন প’ষ্টাৰ ছ’চিয়েল মিডিয়া যোগে প্ৰকাশ কৰাৰ পাছতে এতিয়া ভাইৰেল হৈ পৰিছে । লগতে এই প’ষ্টাৰখন হৰভজন সিঙেও নিজৰ টুইটাৰ একাউণ্টত প্ৰচাৰ কৰিছে ।

You might also like