নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীতৰ আনুষ্ঠানিক শিক্ষা নথকাকৈ Indian Idol ৰ খিতাপ দখল ছানী হিন্দুস্তানীৰ

172

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বিখ্যাত সংগীতভিত্তিক ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ ১১ সংখ্যক সংস্কৰণৰ ফাইনেল দেওবাৰে অনুষ্ঠিত হয় । য’ত সকলোকে আচৰিত কৰি ছানী হিন্দুস্তানীয়ে(Sunny Hindustani) বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ।

ছানী হিন্দুস্তানীয়ে বিজয়ী বঁটা লাভ কৰাৰ লগতে ২৫ লাখ নগদ ধনো লাভ কৰে । ইপিনে তেওঁৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা বিজেতাসকলক ক্ৰমে ৫ লাখকৈ টকা আগবঢ়োৱা হয় ।

উল্লেখ্য যে সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে কেৱল মোবাইলত শুনি শুনি এদিন ইণ্ডিয়ান আইডলৰ মঞ্চ পাইছিলহি ছানী। সংগীতৰ এই মহাসংগ্ৰাম ৰূপে পৰিচিত অনুষ্ঠানটিৰ বিজয়ী ছানী হিন্দুস্তানী অডিশ্বনৰ সময়ৰ পৰায়ে সকলোৰে প্ৰিয় হৈ পৰিছিল । তাৎপৰ্যপূৰ্ণ এয়ে যে তেওঁৰ কণ্ঠ বিখ্যাত পাকিস্তানী গায়ক নুচৰত ফাটেহআলী খানৰ সৈতে কিছু মিলে । যাৰ বাবে ছানীৰ কণ্ঠই আচৰিত কৰি তুলিছিল বিচাৰকৰ লগতে অনুষ্ঠানত উপস্থিত থকা দৰ্শকক ।

চাওঁ আহক ফাইনেলত তেওঁ পৰিৱেশন কৰা গীতটোৰ ভিডিঅ’-

You might also like