নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তি পালে অক্ষয় কুমাৰ অভিনীত Sooryavanshi ৰ ট্ৰেইলাৰ; চাওক ভিডিঅ’-

121

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ আজি মুক্তি পালে অক্ষয় কুমাৰ আৰু কেটৰিণা কাঈফ অভিনীত Sooryavanshi ৰ ট্ৰেইলাৰ । ৰোহিত ছেট্টীৰ দ্বাৰা পৰিচালনা কৰা সূৰ্যবংশী  ছবিখনত দুৰ্দান্ত এক্সনৰ সমাহাৰ দেখিবলৈ পোৱা যাব ।

ছবিখনত অভিনেতা অক্ষয় কুমাৰৰ ওপৰি কেটৰিণা কাঈফ, অজয় দেৱগণ আৰু ৰনবীৰ সিঙক দেখিবলৈ পোৱা যাব ।

ইফালে ছবিখনৰ ট্ৰেইলাৰটোত মুম্বাইত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ লগতে সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ সৈতেও সংযোগ থকা বিভিন্ন বিষয় উপস্থাপন কৰা হৈছে ।

উল্লেখ্য যে সূৰ্যবংশী ছবিখন পূৰ্বে ২৭ মাৰ্চত মুক্তি লাভ কৰাৰ কথা আছিল যদিও বৰ্তমান ২৪ মাৰ্চত মুক্তি লাভ কৰিব ।

আপুনিও চাওক সূৰ্যবংশী  ছবিখনৰ ট্ৰেইলাৰটো-

You might also like