নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ব্ৰহ্মাস্ত্ৰ’ ছবিৰ মুক্তিৰ দিনক লৈ হোৱা চৰ্চাৰ অন্ত, কৰণ জোহৰে ঘোষণা কৰিলে মুক্তিৰ দিন

235

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ অয়ান মুখাৰ্জিৰ দ্বাৰা পৰিচালিত নতুন ছবি ‘ব্ৰহ্মাস্ত্ৰ’ই চলিত বৰ্ষৰ ৪ ডিচেম্বৰত মুক্তি লাভ কৰিব । এই ছবিত আলিয়া ভট্ট, ৰণবীৰ কাপুৰ আৰু অমিতাভ বচ্চনক মুখ্য ভূমিকাত দেখা যাব । ইপিনে জানিব পৰা মতে এই ছবিখনৰ ছুটিং বহু সময়ৰ পৰা চলি আছিল ।

ইফালে এই ছবিখনৰ মুক্তিৰ দিন ইয়াৰ পূৰ্বেও দুবাৰকৈ ঘোষণা কৰা হৈছিল ।

‘ব্ৰহ্মাস্ত্ৰ’ ছবিখন এক পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে । ছবি নিৰ্মাতা কৰণ জোহৰে তেওঁৰ ব্যক্তিগত ইষ্টাগ্ৰাম যোগে এই খবৰ প্ৰকাশ কৰিছে ।

তেওঁ ইষ্টাগ্ৰামত লিখিছে এইবাৰ চূড়ান্ত, ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখন ৪ ডিচেম্বৰ ২০২০ ত হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত মুক্তি পাব !!!

You might also like