নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাগী-৩’ ছুটিংথলীৰ পৰা ফটো প্ৰকাশ কৰিলে টাইগাৰে…

50

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ টাইগাৰ শ্রফে বুধবাৰে সামাজিক মাধ্যম যোগে তেওঁৰ আহিবলগীয়া ছবি ‘বাগী-৩’ ছুটিংথলীৰ পৰা এখন আলোকচিত্ৰ প্ৰকাশ কৰে।

‘বাগী’ৰ ছিকুৱেল ৰূপে নিৰ্মীত এই ছবিখনত সহ-অভিনেত্ৰীৰ ৰূপত দেখা পাব শ্রদ্ধা কাপুৰক । ইপিনে দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে এতিয়া ৰাজস্থানৰ জয়পুৰত ছুটিঙত ব্যস্ত হৈ আছে ।

ইফালে অহা ২ মাহৰ ভিতৰতে এই ছবিখনে মুক্তি লাভ কৰিব বুলিও জনা গৈছে ।

আহমেদ খানৰ দ্বাৰা পৰিচালিত ছবিখনত ৰীতেশ দেশমুখকো দেখিবলৈ পোৱা যাব । উল্লেখ্য যে এই বাগী-৩ য়ে চলিত বৰ্ষৰ মাৰ্চ মাহত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে টাইগাৰক অন্তিমবাৰৰ কাৰণে হৃতিক ৰোশনৰ সৈতে ৱাৰ নামৰ ছবিখনত দেখা গৈছিল, যিখন ছবিয়ে বৰ্ষটোৰ ভিতৰতে সৰ্বাধিক উপাৰ্জন কৰিছিল ।

You might also like