নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পিছত এইবাৰ মুম্বাইৰ হাস্পাতালত ভৰ্তি ঋষি কাপুৰ

74

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ বলিউদৰ প্ৰবীণ অভিনেতা ঋষি কাপুৰৰ স্বাথ্যৰ অৱনতি ঘটিছে। যোৱা কিছুদিন পূৰ্বে কাপুৰক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু এতিয়া ভাইৰেল জ্বৰৰ বাবে কাপুৰক মুম্বাইৰ এখন হাস্পাতলত ভৰ্তি কৰোৱা হৈছে। স্পটবয় নামৰ মেগাজিনৰ খনৰ মতে মঙলবাৰে আৰমান জৈনৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ পিছতেই ঋষি কাপুৰৰ স্বাথ্যৰ অৱনতি হয় আৰু তেতিয়াই কাপুৰক মুম্বাইৰ ছাৰ এছ এন ৰিলায়েন্স ফাউণ্ডেছেন হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে দিল্লীত এখন ছবিৰ শ্বুটিং কৰি থাকোতে বায়ু প্ৰদূষণৰ বাবে কাপুৰৰ স্বাথ্যৰ অৱনতি ঘটে। লগতে শ্বেত ৰক্ত কণিকা হ্ৰাস হোৱাৰ বাবেও স্বাথ্যৰ অধিক অৱনতি ঘটিছিল।

You might also like