নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটাৰ ঝুলনৰ চৰিত্রত অভিনয় কৰিব নে অনুষ্কাই ?

107

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ বলীউডৰ মোহময়ী অভিনেত্রী তথা দেশৰ ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ পত্নী অনুষ্কা শর্মাই চলচ্চিত্রত ক্রিকেট তাৰকাৰ ভূমিকাত অৱতীর্ণ হোৱাৰ চিন্তাচর্চা চলাইছে৷

ইতিমধ্যে মায়ানগৰী মুম্বাইত অভিনেত্রী তথা প্রযোজিকা অনুষ্কা শর্মাক লৈ এনেধৰণৰ বাতৰি প্রকাশ পাইছে৷ ভাৰতীয় মহিলা ক্রিকেট দলৰ প্রাক্তন অধিনায়িকা ঝুলন গোস্বামীক লৈ নির্মাণ হ’ব এখন বায়’পিক৷


ডিএনএৰ প্রতিবেদন অনুসৰি, ইতিমধ্যে অনুষ্কা শর্মাই ঝুলন গোস্বামীৰ চৰিত্রত অভিনয় কৰিব বুলি সিদ্ধান্ত লৈছে৷ ২০১৮ চনত ঝুলনে ৰাষ্ট্রীয় মহিলা ক্রিকেট দলৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷

ঝুলন গোস্বামীক লৈ নির্মিত ছবিৰ প্রযোজনাও কৰিব অনুষ্কাই৷ শীঘ্রে কলকাতাত ঝুলন গোস্বামীৰ সৈতে অভিনেত্রী অনুষ্কাই এই সন্দর্ভত সকলো কথা মুকলিকৈ আলোচনা কৰি ছবিখন নির্মাণৰ কাম হাতত ল’ব বুলিও ডিএনএৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷ অৱশ্যে আনুষ্ঠানিকভাৱে অনুষ্কা বা ঝুলন গোস্বামীয়ে এই সন্দর্ভত কোনো কথা সদৰী কৰা নাই৷

You might also like