নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সুদৰ্শন অভিনেতা ঋতিক ৰোশনৰ উপজা দিন, প্ৰাক্তন পত্নীয়ে দিলে শুভেচ্ছা…

169

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজি ৪৬ বছৰীয়া হ’ল বলিউডৰ হেণ্ডচাম হাংক ঋতিক ৰোশন । অভিনেতাগৰাকীৰ এই বিশেষ দিনটোত তেওঁৰ অনুৰাগীসকলৰ লগতে বলিউডৰ অভিনেতা-অভিনেত্ৰীসকলেও শুভেচ্ছা জনোৱা দেখা গ’ল ।

তেওঁৰ প্ৰাক্তন পত্নী চুচানী খানে ইনষ্টাগ্ৰামযোগে এটা ভিডিঅ’ আপলোড কৰি উপজাদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । এই ভিডিঅ’টোত অভিনেতা ঋতিকৰ লগতে তেওঁলোকৰ দুই পুত্ৰ ক্ৰমে ঋধান ৰোশন আৰু ৰেহান ৰোশনকো দেখা গৈছে ।

ইপিনে এই বিশেষ দিনটোত ঋতিকৰ দেউতাক তথা ছবি পৰিচালক ৰাকেশ ৰোশনেও টুইটযোগে শুভেচ্ছা জনায় ।

ইয়াৰোপৰি পৰিয়ালৰ বাহিৰে অভিনেতাগৰাকীক অভিনেত্ৰী প্ৰীতি জিণ্টাই শুভেচ্ছা জনায় । প্ৰীতিয়ে ঋতিকৰ গালত চুম্বন কৰি থকা এখন আলোকচিত্ৰ টুইটাৰযোগে প্ৰকাশ কৰি উপজা দিনৰ শুভেচ্ছা জনাইছে ।

উল্লেখ্য যে পূৰ্বে ঋতিকক অন্তিমবাৰৰ বাবে টাইগাৰ শ্ৰোফৰ সৈতে ‘ৱাৰ’ নামৰ ছবিখনত দেখা গৈছিল । এই ছবিখনে ২০১৯ বৰ্ষটোৰ ভিতৰতে সৰ্বাধিক উপাৰ্জন কাৰি ছবি ৰূপে ৩০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছিল ।

You might also like