নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজয় দেৱগনৰ ‘মেইদান’ৰ প’ষ্টাৰ মুকলি; পিচে কিহৰ ওপৰত নিৰ্মিত হৈছে ছবিখন !

83

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ তানহাজিৰ বৃহৎ সাফল্যৰ পাছত এইবাৰ অজয় দেৱগনে মুকলি কৰিলে তেওঁৰ আহিবলগীয়া নতুন ছবি ‘মেইদান’ৰ দুখন নতুন প’ষ্টাৰ । ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে বুধবাৰে মুকলি কৰিছিল প্ৰথমখন প’ষ্টাৰ । এই প’ষ্টাৰকেইখনত অভিনেতা অজয় দেৱগনক কেইবাটাও অন্য ৰূপত দেখিবলৈ পোৱা গৈছে ।

ইপিনে এই প’ষ্টাৰকেইখন ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে- “এই কাহিনীটো ভাৰতীয় ফুটবলৰ সোণোৱালী ইতিহাসৰ আৰু দলটোৰ সুদক্ষ প্ৰশিক্ষকৰ”

 

উল্লেখ্য যে অজয় দেৱগনৰ মেইদান নামৰ এই ছবিখন চলিত বৰ্ষৰ শেষৰ ফালে ২৭ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব । লগতে ভাৰতীয় ফুটবল দলৰ সোণোৱালী যুগৰ কাহিনীৰ ভিত্তিত নিৰ্মিত এই ছবিখন অমিত ৰবিন্দ্ৰনাথ শৰ্মাই পৰিচালনা কৰিছে ।

You might also like